পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
চণ্ডিকাখ্যান।

[১] দেবীৰ প্ৰমথগণে,   যুজি দেব অৰিসনে,
 তুষিলা দেবৰ মন আতি।
তুষ্ট হৈয়া দেব যত,   আৰোহিয়া বিমানত,
  আকাশত কৈলা পুষ্প বৃষ্টি॥
মহিষৰ সৈন্য বধ,   এহি চণ্ডিকাৰ পদ,
  ভক্তিভাবে শুনে যেই জনে।
দেবীৰ চৰণে ভক্তি,   হোৱে অন্তকালে মুক্তি,
  চণ্ডিদাস কীৰ্ত্তি চন্দ্ৰে ভণে॥

⸻⸻

তাৰিণী কৰা নিস্তাৰ
চৰণে প্ৰণাম মোৰ॥

⸻⸻

ঝুমুৰী।

পুনশ্চ মেধস মুনি।   বুলিলা ৰাজাক বাণী॥
মহিষৰ সেনাপতি।   চিকুৰ প্ৰচণ্ড আতি॥
সৈন্য বহু ভৈল ক্ষয়।   হৈলন্ত দেবীৰ জয়॥
দেখি কোপে দৈত্যবৰ।   ধাইলা পাশে চণ্ডিকাৰ।


  1. প্ৰমথ, পাৰিষদ।