সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

 একদিন মৃগয়াৰ ছলে নৰপতি।
 একাকী পশিলা বনে ঘােটকত উঠি॥
 অনেক অৰণ্য ভ্রমি মেধস মুনিৰ।
 দেখিলা আশ্রম এক আতি মনােহৰ॥
(ক) অনেক শ্বাপদ গণ আছে আশ্ৰমত।
 অপকাৰ নকৰয় মুনি প্রভাবত॥
 শাৰ্দ্দুল কেশৰী হস্তী সৰ্প মৃগ যত।
 নিয়ত ভ্রমিছে সবে হুয়া আনন্দিত॥
 কলকণ্ঠে মুনিগণে বেদ উচ্চাৰণ।
 কৰি আশ্ৰমৰ শােভা কৰিছে বৰ্দ্ধন॥
 প্রবেশি আশ্রমে দুঃখে মুনিক প্রণতি।
 কৰি কৃতাঞ্জলি হুয়া বসিলা নৃপতি॥
 কৰিলা সৎকাৰ মহর্ষিয়ে নৃপতিক।
 পাদ্য অর্ঘ আচমনী দিয়া মধুপক্ক॥
 পাছে ৰাজা তপােবনে ইভিতি সিভিতি। (৫)
 বিষাদিত মনে ফুৰে নলয় স্থিতি॥
 ৰাজ্যনাশ সন্তাপত অতীব অস্থিৰ।
 সিবেলা চিন্তিবে লাগিলন্ত নিজপুৰ॥


(৫) ইভিতি সিভিতি, ইফাল সিফাল ।

(ক) শ্বাপদ,হিংসুক জন্তু, বাঘ ভালুক আদি ।