পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
চণ্ডিকাখ্যান

সমস্ত ত্ৰিদশে,  আতি ভক্তিভাৱে,
  দুৰ্গাক কৈলা প্ৰণাম।৷
স্তুতি নতি ভক্তি,  দেখি ভগৱতী,
  ইন্দ্ৰ আদি দেৱতাৰ।
হৈয় সুপ্ৰসন্না,  বুলিলা অম্বিকা,
  বচন আতি মধুৰ।৷
স্তুতিত সন্তোষ,  সবে দেৱতাৰ,
  ভৈলো মই দেৱগণ।
লোৱা সবে বৰ,  ইচ্ছা যোহি যাৰ,
  কৰোহোঁ ইচ্ছা পূৰণ।৷
দেবীৰ বচন,  শুনি দেৱগণ,
  পৰম হৰিষ মনে।
কৰি কৰযোড়,  বুলিলা বচন,
  প্ৰণামি দেবী চৰণে॥
দেবী ভগৱতী,  আমাৰ অৰাতি,
  দুৰন্ত মহিষা সুৰ।
বিনাশি তাহাক,  ৰাখিলা আমাক,
  আৰু কিবা আছে বৰ ৷৷
______ _____________ ________
(৪) অৰাতি শত্ৰু।