পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
চণ্ডিকাখ্যান

দেৱৰ সৰ্ব্বস্ব হৰি ঘোৰ দৈত্য দুই।
পৃথিবীত ত্ৰৈলোক্যৰ ৰাজত্ব কৰই॥
অনন্তৰে পৰা জিত যতেক অমৰ।
স্বৰ্গ ভ্ৰষ্ট হুয়া কৰে উপাসা দুৰ্গাৰ॥
পূৰ্ব্বে দুৰ্গা মাৱে কৰি আছে অঙ্গিকাৰ।
বিপদত ত্ৰিদশক কৰিব উদ্ধাৰ॥
এহিসে বিপদ কাল আমাৰ নিশ্চয়।
এতেকে স্মৰণ কৰা দেবীক যুৱাই॥
এহি ৰূপে দেৱ গণে কৰি আলোচন।
হিমালয় প্ৰতি সবে কৰিলা গমন॥
মন্দাকিনী তীৰে বসি দেৱতা যতেক।
শুদ্ধ ভাৱে কৈলা স্তুতি দেবী অম্বিকাক॥

⸻০⸻

ছবি।

দেবগণ নিগদতি,  নমো নমো ভগৱতি,
  তুমি দেবি মঙ্গল কাৰিণী।
ইন্দ্ৰিযৰ অধিষ্ঠাত্ৰী,  তুমি দেবী সৃষ্টিকৰ্ত্তি,
  তুমি স্থিতি পালন কাৰিণী॥