পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
চণ্ডিকাখ্যান

শুনা সভাসদ,   চণ্ডিকাৰ পদ,
 মহিষ অসুৰ বধ।
ইহাক শ্ৰবণ,   কৰিলে কীৰ্ত্তন,
 লভিবা সৰ্ব্ব সম্পদ॥

⸺∘:∘⸺

সৰ্ব্বদেব দেবী ৰূপা তুমি ভগৱতী।
তোমাবিনা মানবৰ নাই আন গতি॥

⸻⸻

পদ।

মেধস বদতি শুনা সুৰথ নৃপতি;
মহিষাসুৰক বধিলন্ত ভগৱতী।
আৰু তাৰ যত সেনা অছিলা তথাত
সমস্ত হইলা হত দেবীৰ কৃপাত॥
অনন্তৰে ইন্দ্ৰ আদি যত দেবগণে;
দেবীক কৰিলা স্তৰ পুলকিত মনে।
নত ভাবে জানুপাৰি হুয়া কৃতাঞ্জলি ,
ভক্তিভাবে দেবগণে আৰম্ভিলা স্তুতি॥
হে দেবি পৰমেশ্বৰী অখিল জগত;
ব্যাপি আছা তুমি নিজ শক্তিৰ বলত।