সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

জিনিল সমস্ত ৰাজা নিজ বাহুবলে ।
একছত্র কৰিলন্ত পৃথিবী মণ্ডলে॥
শাস্ত্ৰত পাৰ্গত সিটো নীতিজ্ঞ প্রবীণ।
কৰন্ত দেবতা পূজা ব্রাহ্মণক দান॥
পূত্র সমকৰি পালে প্রজা সমস্তক।
কৰন্ত দুষ্টক দণ্ড সাধুক সম্মান॥
এহিৰূপে ৰাজ্যভােগ কৰে বহুকাল ।
দেবীৰ নিগ্রহে পাছে মিলিল জঞ্জাল॥
আছিল যতেক ম্লেচ্ছ ৰাজা অধীনত ।
তাহাৰ ঐশ্বৰ্য্যদেখি গুণিলা মনত॥
অধীন ৰাজাৰ জানা নিস্ফল জীবন।
সবেমিলি সুৰথেৰে কৰো মহাৰণ॥
এহিৰূপে যতৰাজা হুয়া একমত।
সুৰথৰ কাশে পঠাইলন্ত ৰণদূত॥
দূতমখে ৰণ বাৰ্ত্তা শুনি নৃপবৰ।
নকৰি সঙ্কোচ মনে ভৈলা অগ্ৰসৰ॥
গজবাজী ৰথসৈন্য সঙ্গে অগণন ।
(১)চতুৰঙ্গ বলে ৰাজা কৰিলা গমন॥
দুষ্টগণ সমে ৰাজা কৰিলা সমৰ।


(১) হাতী, ঘােড়া, ৰথ, পদাতি।