পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
চণ্ডিকাখ্যান।

পঞ্চবৃন্দ ৰথ লৈয়া সি মহা সংগ্রামে ।
ভৈলা দৈত্য উপস্থিত বিড়ালাক্ষ নামে ॥
সেহি ঘুদ্ধে বলৱন্ত অসংখ্য অসুৰ।
হয় হস্তী ৰথ লৈয়া কৰন্ত সমৰ ॥
অসংখ্যাত গজবাজী সৈন্যৰ মাজত ।
ভৈলা আসি উপস্থিত মহিষ দুৰন্ত॥
দাবানল হেন আছে চণ্ডিকা মধ্যত।
চৌপাশে বেঢ়িয়া আছে অসংখ্যাত দৈত্য॥
সৃষ্টি স্থিতি লয কৰ্ত্ৰী দেবী ভগবতী।
তাঙ্ক কি কৰিব পাৰে অসুৰ দুৰ্ম্মতি॥
পৰম পবিত্র এহি চণ্ডিৰ আখ্যান।
শুনা সবে নৰগণে হুয়া একমন ॥

⸻০⸻

ভবভয় নিবাৰিণী,  তুমি দেবী কাত্যায়ণী,
 পাদপদ্মে দিয়া মােক ঠাই॥

⸻⸻