এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
চণ্ডিকাখ্যান।
গুণি দৈত্য দ্বয়, বিষ্ণুক বােলয়,
দিলােহোঁ বৰ তােমাক।
নাহি যৈতে জল, একমাত্র স্থল,
তথাতে বধা আমাক॥
বচন দৈত্যৰ, শুনি গদাধৰ,
কৰিলা তাকে স্বীকাৰ।
উৰু আপােনাৰ, কৰিলা বিস্তাৰ,
ভৈল স্থল মনােহৰ॥
পাছে দেবহৰি, সুদর্শন ধৰি,
দুগােট দৈত্যৰ শিৰ।
আপােন উৰুত, কৰিলা নিপাত,
গৈল দৈত্য যমবৰ॥
দেবীৰ কৃপাত, অসুৰ দুগােট,
কৰিলা হৰি নিপাত ।
আনন্দ অপাৰ, ভৈলন্ত ব্ৰহ্মাৰ,
হৈলা দেবী অন্তর্হিত॥
এহিৰূপে দেবী, বিধিৰ স্তবত,
নিজে অবতাৰ হৈলা।
ঘােৰ দৈত্য হন্তে, আদৰি ব্ৰহ্মাক,
জগত ৰক্ষা কৰিলা॥