এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
চণ্ডিকাখ্যান
আতি কোপমনে, মহিষৰ ৰূপে
লগাইলা দেবীক ভয়॥
প্ৰহাৰে মুখৰ, আঘাতে খুৰাৰ,
লাঙ্গল কৰি ক্ষেপণ।
দেবীৰ সৈন্যক, কৰিলা চমক,
দুৰাত্মা দৈত্য নন্দন॥
শৃঙ্গেৰে বিদাৰি, বেগেৰে কচালি,
কৰি শব্দ ভয়ঙ্কৰ।
নিস্বাস মাৰুতে, ভ্ৰমণৰ বেগে,
লগাইলা সবাৰো দৰ॥
এহিৰূপে দৈত্য, চণ্ডিকাৰ সৈন্য,
বলেৰে কৰি মস্থন।
দেবীৰ সিংহক, ধাইলা মাৰিবাক,
ভৈলা দেবী কোপ মন॥
সিটো মহাবলী, খঙ্গত উফৰি,
খুৰাৰে খানে ভূতল।
শৃঙ্গেবে পৰ্ব্বত, ক্ষেপিল তথাত,
কৰিলা আতি গৰ্জ্জন।
লৱৰত তাৰ, ধৰণী ফাটিল,
উঠিল পাতাল জল।