পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
চণ্ডিকাখ্যান।

মহেশ্বৰী ধৰি ৰূপ বৃষভ বাহন।
ত্রিশূল ভুজঙ্গ চন্দ্র তােমাৰ ভূষণ॥
দুৰন্ত দৈত্যৰ দৰ্প কৰিলাহ চুৰ ।
নাৰায়ণি তোমাক কৰোহোঁ নমস্কাৰ ॥
ধৰি কাৰ্ত্তিকীৰ ৰূপ অতি মনোহৰ।
ময়ূৰ কুক্কুট সমে কৰিলা বিহাৰ॥ (১)
দৈত্য গৰ্ব্ব কৈলা খৰ্ব্ব ধৰি মহাশক্তি।
নাৰায়ণি কৰো আমি তােমাক প্রণতি॥
ধৰি বৈষ্ণৱীৰ ৰূপ ভৈলা চতুভুজ।
শঙ্খ চক্ৰ গদা ধনু তাহাত বিৰাজ ॥
অনেক অসুৰ ৰণে কৰিলা সংহাৰ ।
হােৱাঁহে প্রসন্না নাৰায়ণি নমস্কাৰ ॥
ধৰি বাৰাহীৰ ৰূপ উদ্ধাৰিলা ভূমি।
হাতত ভীষণ চক্ৰ ধৰিলাহা তুমি ॥
দেবী তুমি শুভঙ্কাৰী বধিলা অসুৰ।
কৃপা কৰা নাৰায়ণ কৰো নমস্কাৰ ॥
ভয়ঙ্কৰ নৰ সিংহ মূর্ত্তি চমৎকাৰ ।
ধৰি দেবী দৈত্যগণ কৰিলা সংহাৰ ॥

(১) বিহাৰ, ক্রীড়া ।