পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

ঘােৰ কলিযুগে এই চণ্ডিকাৰ পদ।
শ্রবণ কৰিলে খণ্ডে সমস্ত আপদ॥
এহি কথামার্কণ্ডেয় পুৰাণ মধ্যত।
চণ্ডীনামে ভাষান্তৰে আছিলা প্রখ্যাত॥
তান হন্তে পদ বন্ধে কৰিলো প্ৰচাৰ।
হৌক কৃপা মােৰ প্রতি দেবী চণ্ডিকাৰ॥
 ⸺⸺⸺*⸺⸺⸺

জয় জয় দুর্গাদেবী জগত জননী।
মধু কৈটভক তুমি মুহিলা আপুনি॥
 ⸺⸺:*:⸺⸺

  পদ।
মার্কণ্ডেয় বদতি শুনিয়াে তপোধন।
যিৰূপে চণ্ডিকা দেবী ভৈলা উতপন॥ *
যিৰূপে সুৰথ ৰাজা আৰাধি চণ্ডীক।
অষ্টমাধিপতি মনু ভৈলা সাবর্ণিক॥
স্বাৰােচিষ মন্বন্তৰে চৈত্র বংশ জাত।
আছিল সুৰথি নামে নৃপতি বিখ্যাত॥



  • সাবর্ণিঃ সূৰ্য্যতনয়াে যােমনুঃ কথ্যতেহষ্টমঃ।

নিশাময় তদুৎপত্তিং বিস্তৰাদগদতােমম।