সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
চণ্ডিকাখ্যান।

 পুৰন্দৰ সমে যুদ্ধ কৰিলা অসুৰ।
 জিনিলা মহিষাসুৰে ত্ৰিদশ ঈশ্বৰ॥
 পৰাজিত দেবগণ ভয়ে পলাইলা।
(১) অমৰাৱতীত দৈত্যে ৰাজত্ব কৰিলা॥
 অনন্তৰ পুৰন্দৰে কৰি আলোচন।
 দেবগণ সমে গৈলা ব্ৰহ্মাৰ আস্থান ॥(২)
 ব্ৰহ্মাৰ স্থানত ইন্দ্ৰে কৰিলা গােচৰ ।
 কৰিছে ৰাজত্ব স্বর্গে দুৰন্ত অসুৰ॥
 কিমতে স্বৰ্গত আমি কৰােহোঁ বসতি।
 কৰিয়ো উপায এবে দেব প্রজাপতি॥
 ইন্দ্ৰৰ বচনে ব্রহ্মা ভাবি বহুক্ষণ।
 দেবগণ সমে গৈলা শিব বিষ্ণু স্থান॥
 এক স্থানে আছে বসি মাধব মহেশ।
 কথোপকথন কৰি দেখিলা ত্রিদশ॥
 প্রণমি অমৰগণে বেঢ়িয়া বাসল।
 মহিষাসুৰৰ কথা কহিতে লাগিল॥
 পুৰন্দৰ বদতি শুনিয়ো মহেশ্বৰ।
 তুমি সংহৰণ কৰ্ত্তা এহি জগতৰ॥


 (১) অমৰাৱতী, স্বৰ্গৰ ৰাজধানী।

 (২) আস্থান, সভা।