সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
চণ্ডিকাখ্যান।

ধনুৰ টঙ্কাৰে ভীত পাতাল নিবাশী।
ব্যাপিলে সহস্ৰ ভুজে ভুবন মণ্ডলী॥
এহিৰূপে ঘেৰৰূপ দেখি চণ্ডিকাৰ।
মানিলা বিস্ময় মনে যতেক অসুৰ॥
আত অনন্তৰে শুনা কহোঁ নৃপবৰ।
দেবী দানবৰ ঘোৰ বাজিল সমৰ॥
অস্ত্ৰগণ গোট খাই দেবী দানবৰ।
প্ৰকাশ কৰন্ত আতি দিশ দিগন্তৰ॥
মহিষৰ সেনাপতি চিকুৰ প্ৰধান।
সৈন্য লৈয়া দেবী সহ কৰন্ত সংগ্ৰাম॥
অন্য এক সেনাপতি নামত চামৰ।
চতুৰঙ্গ বল সহ কৰন্ত সমৰ॥
অংখ্যাত ৰথ সমে উদগ্ৰ অসুৰ।
যুদ্ধ কৰিবাক হেতু ভৈলা অগ্ৰসৰ॥
কোটিৰথ সহ এক মহাহনু নামে।
যুদ্ধ কৰিবাক মনে পশিলা সংগ্ৰামে॥
পাঞ্চ কোটি ৰখ লৈয়া অসিলোমা বীৰ।
যাঠি লক্ষ ৰথ সমে বাষ্কল দুৰ্ব্বাৰ॥
পৰিবাৰ নামে দৈত্য পশিলা ৰণত।
অসংখ্যাত গজবাজী তাহাৰ লগত।