সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

কিবা ভৈল পুত্ৰ ভাৰ্য্যা আৰু বন্ধুগণ।
কিৰূপে সিসব লোকে কৰিছে বৰ্ত্তন॥ (গ)
দুৰ্ব্বৃত্ত চৰিত্ৰ কিবা শোভন স্বভাব।
কুশলে আছন্ত কিবা অকুশল ভাব॥
নপাই বাৰতা মোৰ সিসবৰ মন।
ব্যাকুলিত আছে এহি বিষাদ কাৰণ॥
সুৰথ বদতি বৈশ্য শুনা একমনে।
ভাৰ্য্যাপুত্ৰ লাগি শোক কৰা অকাৰণে॥
যেই ভাৰ্য্যা পুত্ৰে ধন দ্ৰব্যলৈয়া কাঢ়ি।
পঠালে তোমাক বনে সৰ্ব্বস্ব নিগ্ৰহি॥
সেহি ভাৰ্য্যাপুত্ৰে তুমি কেনে কৰা আশ।
ৰাজাৰ বচনে বৈশ্য কাঢ়িলা নিশ্বাস॥
বৈশ নিগদতি শুনিয়োকি নৃপবৰ।
যি কহিলে সবে সত্য বাণী আপোনাৰ॥
কিন্তু কি কৰিবো মই নজানো বিধান।
নিষ্ঠুৰ নহয় কেনে সিসবাত মন॥
ধনলোভে পিতৃ স্নেহ স্বামীৰ পীৰিতি।
ত্যজি মোক অৰণ্যত পঠাইলা সম্প্ৰতি॥



(গ) বৰ্ত্তন, জীবিকা।