পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
চণ্ডিকাখ্যান।


সৈন্য সহ বলবন্ত দৈত্যেন্দ্ৰে তোমাক।
পঠাইলাহা বলক্ৰমে নিয়াহা আমাক॥
নিৰাশ্ৰয়া বলহীন কেবল ৰমণী।
বলে ধৰি নিলে তোক কিকৰিবো আমি॥
দেবী বাক্য সমাপনে সিধূম্ৰ লোচনে।
অম্বিকাক প্ৰতি ধাইলা আতি কোপমনে॥
জগত জননী দেবী ধুম্ৰ লোচনক।
হঙ্কাৰ শবদে ক্ষণে ভস্ম কৰিলেক॥
পাছে যত দৈত্যসেনা আতিকোপ কৰি।
বৰষিলা তীক্ষ্ণ বান হাতে ধনু ধৰি॥
কতো দৈত্য দেবীপ্ৰতি শক্তিপ্ৰহাৰয়।
কতোবা পৰশু শূল দেৱীক হানয়॥
শক্তিৰ পৰমা শক্তি দেবী ভগৱতী।
লীলাতে সবাৰ অস্ত্ৰ কৰিলা নিবৃত্তি॥
দেবীৰ বাহন আতি কুপিত কেশৰী।
জোকাৰি কেশৰ জাল মহানাদ কৰি॥
লাম্ফ দিয়া অশুৰৰ সেনাৰ মাজত।
মহা বেগে পড়িলন্ত কম্পাই জগত॥
সৈন্য মাজে পশি দেবী বাহন কেশৰী।
নখাযাতে দন্তাবাতে বধিলা দেবাৰি॥