পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
চণ্ডিকাখ্যান।

দেবীৰ বচন শুনি হুয়া ক্রুদ্ধ দূত।
নিবেদিলা সাবশেষে শুম্ভৰ আগত॥
শুনি শুম্ভ দৈত্যেশ্বৰ দূতৰ বচন।
কোপে ধূম্রলোচনক কৰিলা আহ্বান॥
নিজ সৈন্য লৈয়া তুমি যােৱা শীঘ্রগতি।
গর্ব্বিতাক ধৰি কেশে আনাহা সম্প্রতি॥
যদিবাও থাকে কোন ৰক্ষক কন্যাৰ।
যক্ষ বা গন্ধৰ্ব্বৰক্ষ অথবা অমৰ॥
তাঙ্ক প্রতি কোনাে তুমি নকৰিবা দৰ।
বধিবা তাহাক প্রাণে হানি তীক্ষ্ণশৰ॥
ৰাজাৰ আদেশ পাই সি ধূম্রলােচন।
অসংখ্যাত সৈন্য সমে কৰিলা গমন॥
দেখিলন্ত আছে বসি পৰমা সুন্দৰী।
হাস্যমুখে হিমালয়ে ৰূপে মুদ্ধকৰি॥
দেখি দৈত্যে মহাগর্ব্বে বুলিলা বচন।
চলা এবে শীঘ্রগতি দৈত্যেন্দ্র ভবন॥
যদি তুমি প্রীতি মতে নাযাইবা তথাত।
বলেৰে কেশত ধৰি নিবো মই তাত॥
গর্ব্বিত দৈত্যৰ বাণী শুনি ভগবতী।
উচিত উত্তৰ পাছে কৰিলা পার্ব্বতী॥