এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
চণ্ডিকাখ্যান।
ভৈলা যেবে হত | শুম্ভ মহাৰ | |
ৰণত নিশুম্ভ | হাতে চণ্ডিকাৰ। | |
চণ্ডিকাৰ ভয়ে | শেষ দৈত্য যত | |
প্ৰবেশিলা পাছে | পাতাল পুৰীত॥ | |
এহি ৰূপে নৃপ | দেবী সনাতনী | |
হুয়া অবতাৰ | জগত জননী। | |
কৰে পুনঃ পুনঃ | জগত পালন | |
দুৰ্বত্তক বলে | কৰি সংহৰণ॥ | |
মুহিছে প্ৰাণীক | সেহি ভগৱতী | |
স্ৰজিছে জগত | সেহি দেব শক্তি॥ | |
কৰিলে ভকতি | হুয়া তুষ্ট আতি | |
দেন্ত তত্ত্বজ্ঞান | অতুল বিভৃতি॥ | |
প্ৰলয় কলিত | ধৰণীৰ পতি | |
মহামাৰী ৰূপে | সেহি ভগৱতী | |
অখিল ব্ৰহ্মাণ্ড | ব্যাপি ঘোৰ ৰূপে | |
জগতৰ প্ৰাণী | সংহৰে নিমিষে॥ | |
মহামাৰী দেবী | জনম ৰহিত | |
জে প্ৰাণীগণ | সৃষ্টিৰ কালত। | |
স্থিতিকালে দেবী | জগত জননী | |
প্ৰাণীক পালন | কৰে সনাতনী॥ |