পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
চণ্ডিকাখ্যান।

স্ৰজি আছে প্রজাপতি পালিছে মাধৱ।
তিনিও সবাৰ হােৱা পৰম বান্ধৱ॥
তোমা সব স্থানে আজি এক নিবেদন।
কৰিবাক হেতু আসিয়াছে দেবগণ॥
হে বিধাত; চক্রপাণি দেব মহেশ্বৰ।
মহিষ সহিত যুদ্ধ কৰিলো বিস্তৰ ॥
ভাগ্যদোষে পৰাজয় হৈলন্ত আমাৰ ।
মহা বলৱন্ত দৈত্য পৰম দুৰ্ব্বাৰ ॥
পৰাজি আমাক দৈত্যে স্বর্গে হৈলা স্বামী।
তাৰ ভয়ে পৃথিবীত ভ্রমিছোহোঁ আমি॥
সূৰ্য্য অগ্নি বায়ু চন্দ্র যম বৰুণৰ।
কুবেৰাদি অমৰৰ যত অধিকাৰ॥
বলদৰ্পে নিলা কাঢ়ি দুৰন্ত অসুৰ।
নাই সীমা দুর্গতিৰ অমৰ সবাৰ॥
স্বর্গহন্তে দেবতাক কৰিলা বাহিৰ।
অকণ্টক স্বৰ্গৰাজ্য কৰিলা অসুৰ॥
অমৰক দিলা পূৰ্ব্বে স্বর্গ পুৰীখান।
স্বর্গ নষ্ট হৈলে থাকিবাৰ নাহি স্থান॥
যােগ যাগ যজ্ঞ আৰু নাই পৃথিবীত।
দৈত্যভয়ে কাম্পে আতি ঋষি মুনি যত॥