পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
চণ্ডিকাখ্যান

 সমস্ত ৰতণে তব শােভিছে আলয়।
 বিভূতিৰ দৈত্যেশ্বৰ সীমা সংখ্যা নায়॥
 পুৰন্দৰ হন্তে গজ ৰত্ন ঐৰাৱত।
(১) উচ্চৈঃশ্রবা তুৰঙ্গম বৃক্ষ পাৰিজাত॥
 লভিলা ত্ৰিতয় ৰত্ন বাহৰ বলত।
 তােমাৰ সমান কোন আছে জগতত॥
 হংস যুক্ত বিধাতাৰ বিচিত্র বিমান।
(২) আনি চত্বৰত তুমি কৰিলা স্থাপন॥
 মহা পদ্ম নামে নিধি জিনি কুবেৰক ।
 আনিলাহা মহাৰাজ কিকহিবাে তাক॥
 অম্লান পঙ্কজ মালা তােমাক সাগৰে।
 কিঞ্জল্কিনি নাম তাৰ দিলন্ত আদৰে॥
 কৰে যেই স্বর্ণ বৃষ্টি ছত্র বিতােপন।
 বৰুণক জিনি তুমি কৰিলা গ্রহণ॥
 এহিৰথবৰ পূৰ্ব্বে আছিল বিধিৰ। (৩)
 দেখা তযু গৃহে শােভে বিক্রমে তােমাৰ॥


(১) তুৰঙ্গম, ঘােড়া।

(২) চত্বৰ, চোটাল।

(৩) বিধিৰ, প্রজাপতিৰ।