সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
চণ্ডিকাখ্যান।

 তথাপি আমাৰ চিত্তে লেশ নাহি শান্তি।
 দিবা ৰাত্ৰি ফুৰো আমি আকগুণি গান্থি॥
 বিষয়ত হোৱে মুগ্ধ জ্ঞান হীন নৰ।
 বান্ধে তাক মায়াপাশে উচিত তাহাৰ॥
 কিন্তু আমি জ্ঞানবন্ত বিষয় বিৰত।
 কিহেতু আমাক মোহে কৰিলে আবৃত॥
 দুখানি চৰণে তযু কৰিছে মিনতি।
 ইহাৰ কাৰণ প্ৰভু কোৱা মহামতি॥
 বদতি মেধস মুনি শুনা নৃপবৰ।
(৯)বিষয়ত জ্ঞান আছে সমস্ত প্ৰাণীৰ॥
 আহাৰ মৈথুন নিদ্ৰা সুখ আৰু খেদ।
 সমস্ত জন্তুতে আছে অল্পমাত্ৰ ভেদ॥
 কতো প্ৰাণী আছে ৰাজা নেদেখে দিনত।
 কতো দিবা ভাগে দেখে নেদেখে ৰাত্ৰিত॥
 কতো প্ৰাণী দিবা ৰাত্ৰি সমানে দেখন্ত।
 কতো বা আছয় দিবা নেদেখে ৰাত্ৰিত॥
 যিৰূপে মনুষ্যে জ্ঞানী নিজক ভাবয়।
 সেহিৰূপে হোৱে জ্ঞানী পশু পক্ষীচয়॥

 (৯) বিষয়, ইন্দ্রিয় গােচৰ বস্তু।

আহাৰনিদ্রাভয়মৈথুঞ্চ, সামান্যমেতৎপশুভিনৰাণাম