পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
চণ্ডিকাখ্যান

আমাৰ প্রতিজ্ঞা,  সম্প্রতি শুনিলা,
  যােৱা এবে দৈত্যস্থানে।
শুম্ভ বা নিশুম্ভ,  লৱৰি আহােক,
  দেখাওক বিক্ৰমৰণে॥
যদি মােকৰণে,  শুম্ভে বা নিশুম্ভে,
  কৰে বাহু বলে জয়।
অচিৰে গ্রহণ,  কৰিয়া আমাক,
  নিবন্ত নিজ আলয়॥
অম্বিকাৰ বাণী,  দৈত্য দূতে শুনি,
  বুলিলা সকোপে তাত ।
তুমি দেবী নাৰী,  বলহীন আতি,
  কৰিছা গৰ্ব্ব মুখত॥
নকৰিবা দর্প,  আগত আমাৰ,
  অচিৰে পাবা প্রমাণ।
ত্রিভুবন মাজে,   শুম্ভ নিশুম্ভৰ,
  হৈব অগ্র কোন জন॥
শুম্ভ নিশুম্ভৰ,  কথাকে নকওঁ,
  আন আন দৈত্য সমে।
সমুখ সংগ্রামে,  যত দেবগণে,
  তিষ্ঠিব নােৱাৰে ৰণে॥ (৪)



(৪) তিষ্ঠিব, স্থিতি হব।