পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
চণ্ডিকাখ্যান।

ত্রিভুবন কৈলা ৰক্ষা সংহৰি অসুৰ ।
নাৰায়ণি কৰেহোঁ তােমাক নমস্কাৰ॥
বজ্রহস্তা তুমি দেবি কিৰীট ধাৰিণী ।
সহস্র লােচন ধৰি শােভিলা আপুনি॥
অনায়াসে বৃত্ৰাসুৰ কৰিলা সংহাৰ ।
নাৰায়ণি তযু পদে প্রণাম আমাৰ ॥
শিবদূতী ৰূপে তুমি ৰণৰ মাজত।
বধিলাহা দৈত্য সেনা অযুত নিযুত ॥
তব মহানাদে ভৈলা কম্পিত ধৰণী ।
কৰােহোঁ তােমাক সেৱা আমি নাৰায়ণি॥
নৰ মুণ্ডমালা গাঁঠি কৰিলা ধাৰণ।
ঘােৰ দন্ত পংক্তি ভযু কৰাল বদন॥ (৩)
মুণ্ডক বধিলা তুমি ৰূপে চামুণ্ডাৰ ।
নাৰায়ণি কৰােহোঁ তােমাক নমস্কাৰ॥
তুমি লক্ষ্মী তুমি লজ্জা তুমি বেদ বিদ্যা॥
শ্রদ্ধা পুষ্টি স্বধাৰূপা নিত্য আৰু আদ্যা।
প্রলয়ৰ ৰাত্ৰি তুমি জগত মােহিনী।
কৰােহোঁ প্রণাম তযু পাৱে নাৰায়ণি॥


(২) বজ্ৰহস্তা, বজ্ৰ ধাৰিণী । (৩) কৰাল, ভয়ঙ্কৰ।

১০