এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
চণ্ডিকাখ্যান।
নজানয় হৰি হৰ তোমাক বিধাতা;
পৰমা প্ৰকৃতি তুমি জগতৰে মাতা॥
আধাৰ স্বৰূপা তুমি সবে জগতৰ;
চৰাচৰ এহি বিশ্ব অংশ যে তোমাৰ।
যজ্ঞে আৰু পিতৃশ্ৰাদ্ধে এহিসে কাৰণে;
স্বাহা স্বধা উচ্চাৰণ কৰে বিপ্ৰগণে।
জিতেন্দ্ৰিয় মুনিগণে মোক্ষ বাঞ্চা কৰি;
শুদ্ধমনে কৰে চিন্তা তোমাক আদৰি॥
চিন্তামণি তুমি দেবী মুক্তিৰ কাৰণ;
[১] মুমুক্ষুৰ তুমি দুৰ্গা হোৱা ব্ৰহ্মজ্ঞান।
শব্দ ৰূপ৷ তুমি দেবী বেদৰ আধাৰ ,
ঋক যজু সামৰূপে কৰিছা প্ৰচাৰ॥
কৃষি বানিজ্যাদি ৰূপে জগত পালন;
সৰ্ব্বশাস্ত্ৰ সাৰ তুমি তব ধৈৰ্য্যমতি;
দুৰ্গম স্থানত দুৰ্গা নাম মাত্ৰ গতি
সংসাৰ সাগৰে দেবী তুমিসে তৰণী;
তোমাৰ প্ৰসাদে ত্ৰাণ পাৱে সৰ্ব্ব প্ৰাণ।
- ↑ মুমুক্ষু, মুক্তিৰ ইচ্ছুক