পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
চণ্ডিকাখ্যান৷

দুৰ্গা দুৰ্গা নাম লোৱা সবে নৰ প্ৰাণী।
ইয়োৰ শংসাৰে দুৰ্গা দেবী সে তৰণী॥

পদ।

মেধস বদতি পাছে শুনা নৃপষৰ।
চণ্ড যুণ্ড বধ বাৰ্ত্তা শুনি দৈত্যেশ্বৰ॥
কোপে ৰক্ত হৈল আখি কম্পিত শৰীৰ।
আদেশিলা যত সৈন্য শুম্ভ মহাবীৰ॥
আজি যডশীতি দৈত্য ধৰি প্ৰহৰণ।
যাউক আদেশে মম লৈয়া সৈন্যগণ॥
কম্বু নামে খ্যাত যত চৌৰাশী অসুৰ।
নিজ নিজ সৈন্য লৈয়া যাওক সত্বৰ॥
কোটি বীৰ্য্য কুলে জাত দানৱ যাবত।
শতেক ধূম্ৰৰ কুলে জগতে বিখ্যাত॥
কালক দৌহৃত মৌৰ্য্য কাল কেয় নামে।
সত্ত্বৰে কৰোক যাত্ৰা দেবীৰ সংগ্ৰামে॥
আছয় যাতেক সৈন্য নগৰত মোৰ।
এতিক্ষণে যুদ্ধহেতু হৌক অগ্ৰসৰ॥
এহি ৰূপে কৰি আজ্ঞা শুম্ভ দৈত্যপতি।
অসংখ্য বাহিণী সমে ধাইল যুদ্ধপ্ৰতি॥