সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
চণ্ডিকাখ্যান।

মনোহৰ মূৰ্ত্তি,  ধৰি ভগৱতী,
  মুহিলা অসুৰ মন॥

⸻*:*⸻

দুলড়ি।

মেধস বদতি,   শুনি ভগৱতী,
  দূতৰ বিচিত্ৰ বাণী।
হাঁসি মনে মনে,  গম্ভীৰ বচনে,
  বুলিলা তাক গোসাণী॥
ত্ৰৈলোক্য ঈশ্বৰ,   শুম্ভ মহসুৰ,
  নিশুম্ভও তান সম।
স্বৰূপতে সত্য,   তোমাৰ বচন,
  নহয় মিথ্যা ভাষণ॥
কিন্তু অল্পমতি,  হেতু পূৰ্ব্বে মই,
  কৰিলোঁ এক প্ৰতিজ্ঞা।
তাহাৰ অন্যথা,   কৰো কিনো ৰূপে,
  শুনি মোক কৰা আজ্ঞা॥
ৰণত আমাক,  জিজনে জিনিব,
  কৰিবন্ত দৰ্পচূৰ।
বলত সমান,  হৈব যেই মোৰ,
  সেহিসে স্বামী আমাৰ॥