পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
চণ্ডিকাখ্যান

দৃষ্টি মাত্ৰ ভগৱতি যতেক অসুৰ;
কৰিব যে পাৰে ভস্ম বিদিত আমাৰ।
তথাপি নকৰি তাঙ্ক প্ৰহাৰিলে শৰ;
শৰাঘাতে পাপ নষ্ট ভৈলন্ত দৈত্যৰ।৷
পাপ তনু তেজি সবে পশিলা স্বৰ্গত ,
মহা অনুগ্ৰহ তব দুৰন্ত শত্ৰুত।
তযুদীপ্তি মান খড়্গ নিশিত ত্ৰিশূল;
দেখিয়ো নভৈল নষ্ট নয়ন দৈত্যৰ।৷
ৰশ্মি মান চন্দ্ৰ হেন তব সুধানন,
প্ৰত্যক্ষে কৰিলা দৃষ্টি যত দৈত্যগণ।
দুষ্টক দমন কৰা স্বভাব তোমাৰ;
তযু ৰূপ নোহে তুল্য লগত অন্যৰ।৷
নোৱাৰো বৰ্ণাব বল দেবগণ এন্ত;
তাদৃশ দৈত্যকো তুমি কৰিলা বিনষ্ট।
বৈৰিকো কৰিলা দয়া বিনাশি ৰণত;
অচিন্ত্য মহিমা তব অতি আচৰিত।৷
কিহেৰে উপমা হৈব বিক্ৰম তোমাৰ;
ক্ষণি কতে সংহৰিলা যতেক অসুৰ।
মনোহৰ ৰূপ তযু কিন্তু ভয়ঙ্কৰ;
কতোদৈত্যে ৰূপ দেখি ত্যজিলা শৰীৰ।৷