পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

চণ্ড অট্টহাসে শিবদূতীৰ মোহিত।
হুয়া কতো দৈত্য সেনা পড়িলা ধৰাত॥
তাসম্বাক শিব দূতী বিস্তাৰি বদন।
ধৰি আনি মুখ মধ্যে কৰিলা ভক্ষণ॥
ক্ৰুদ্ধ মাতৃগণ আৰু অসুৰনিধন।
দেখি দৈত্য সেনা সবে কৰে পলায়ন॥
মাতৃগণ ভয়ে ভগ্ন দৈত্য সেনা যত।
দেখি ৰক্ত বীজ ক্ৰোধে ধাইলা তথাত॥
ৰক্ত বিন্দু পাত হৈলে ধৰাত যাহাৰ।
তাদৃশ জনমে বিন্দুহন্তে মহাসুৰ॥
অদ্ভুত আকাৰ সেহি অদ্ভুত শকতি।
যুদ্ধ কৰি বাক আশে হৈলাউপস্থিতি॥
গদা ধৰি মহাসুৰ ইন্দ্ৰানী সহিত।
কৰে ৰক্তবীজ যুদ্ধ আতি অদভূত॥
অনন্তৰে ইন্দ্ৰ শক্তি কৰি বজ্ৰা ঘাত।
দেহ হন্তে অসুৰৰ বজাইলা শোণিত॥
পড়িল ধৰাত যেবে অসুৰৰ ৰক্ত।
তেতিক্ষণে ৰক্ত বীজ ভৈলা শত শত॥
ৰক্ত বিন্দু হন্তে জাত অসুৰ সবাৰ।
সেহি বীৰ্য্য সেহিবল সেহিসে আকাৰ॥