পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

বিষাদিত দেখাে যেন তােমাৰ বদন।
যদি দোষ নাই ব্যক্ত কৰা নিজাখ্যান॥
ৰাজাৰ বিনীত বাণী শুনি বৈশ্যবৰ। (৬)
সবিশেষে নিবেদিলা ৰাজাৰ গােচৰ॥
বৈশ্য নিগদতি শুনিয়েক গুণনিধি।
বৈশ্যকুলে জন্ম মােৰ নামত সমাধি॥
প্রত্যহ বিপ্ৰক কৰো মই ধন দান।
তাক দেখি ভার্য্যাপুত্রে কৰে অভিমান॥
নশ্বৰ শৰীৰ ইটো দানেহে ৰক্ষণ।
নজানে দুম্মতি ভাৰ্য্যা দুষ্ট পুত্রগণ॥
একদিনা নিষেধিলা ভাৰ্য্যা পুত্র মোক ।
নকৰিবা ধন দান আৰু ব্রাহ্মণক॥
সেহিদিনা হন্তে মই মহা অভিমানে। (খ)
পুত্ৰ ভাৰ্য্যা গৃহত্যজি পশিলো অৰণ্যে॥
ধন পুত্র ভাৰ্য্যা বন্ধু সবে হুয়া হীন।
তাপিত হৃদয়ে কাল কৰিছো যাপন॥

(৬) এই বৈশ্য অতিশয় ধনবান।

 (খ) অভিমান, মনেদুঃখ।