সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
চণ্ডিকাখ্যান।

যােগবলে নাই তব কোনাে অগােচৰ।
জানে দূত ভবিষ্যত আৰু পূৰ্ব্বাপৰ॥
আছিল ৰাজত্ব মােৰ কোলা নগৰীত।
শত্রুগণে আক্রমিলে পশিলো বনত॥
সম্প্রতি ৰাজ্যত মােৰ নাই অধিকাৰ।
তথাপি ৰাজ্যত মােহ প্রবল যে মোৰ॥
বিষয় আশক্ত চিত্ত মূৰ্খৰ শােভন।
জ্ঞানী হুয়া কিয় তাত হৈলাে নিমগণ॥ ৪
কি হৈল নগৰ গজবাজী ৰথ ধন।
অকাৰণে অহর্নিশ কৰােহোঁ চিন্তন॥
আছিল ৰাজত্ব যেবে সবাই আমাৰ।
ৰাজ্যভ্রষ্ট হৈল যেবে মমতা অসাৰ॥
সমাধি নামক ইটো বৈশ্য কুলে জাত।
পুত্ৰ ভাৰ্য্যা বন্ধু ভৃত্যে ধন ৰত্ন যত॥
অগ্রহি নির্দয় ৰূপে পঠাইলা বনত।
তথাপি বৈশ্যৰ মোহ আছে সি সবাত॥
আমাৰ কাহিনী এই তযু চৰণত।
সবিশেষে নিবেদিলাে আমি স্বৰূপত॥
বিষয়ৰ দোষ দেখি এড়ি তাত আশা।
ঘােৰবনে আসি দুয়ো কৰিলােহোঁ বাসা॥