পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
চণ্ডিকাখ্যান।

মুনিৰ স্তুতিত,  হুয়া মই তুষ্ট,
 নয়ন ধৰি শতেক।
হৈবো অবতাৰ, অযোনি সম্ভৱ,
 ৰাখন্তে যত প্ৰাণীক॥
শতেক নোচনে,  যত মুনি গণে,
 কৰন্তে মই দৰ্শন।
শতাক্ষী আমাৰ, নাম কৰিবন্ত,
 যতেক মানবগণ॥
হেৰা দেৱগণ,  জল বৰিষণ,
 যাবত নোহে ধৰাত।
স্ৰজি নানা শাক,  দেহ হন্তে মোৰ,
 পুষিবো প্ৰাণী সমস্ত॥
শাকম্ভৰী নাম, সিকালত মোৰ,
 জগতে হৈবন্ত খ্যাতি।
ঋষি মুনি নৰে, কিন্নৰ অমৰে,
 কৰিবন্ত মোক স্তুতি॥
দুৰ্গম নামক, এক মহা দৈত্য,
 সিকালে কৰিবো হত।
তান হন্তে মোৰ, দুৰ্গা দেবী নাম
 জগতে হৈবন্ত খ্যাত॥