এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
চণ্ডিকাখ্যান।
জগতৰ সৃষ্টিকৰ্ত্তা যেই পালয়িতা।
অন্তিমত ঘোৰৰূপে যিজন সংহৰ্ত্তা॥
সিমহা বিষ্ণুক বলে কৰিলা নিদ্ৰিত।
তোমাক কৰয় স্তুতি নাই ব্ৰহ্মাণ্ডত॥
বিষ্ণুক জন্মাইলা তুমি আৰু মহেশক।
জনমালা মোক দেবী সৃষ্টি কৰিবাক॥
স্তুতি কৰিবাক তব নাহি মোৰ শক্তি।
স্বৰূপতে হোৱা তুমি আমাৰ প্ৰসূতি॥
নিজগুণে হুয়াটুষ্ট দেবী ভগবতী।
মধুকৈটভক মুগ্ধ কৰিয়ো সম্প্ৰতি॥
অনন্ত শয্যাত শুতি আছে নাৰায়ণ।
কৰাহা প্ৰবোধ লভোক চেতন॥
ঘোৰ দৈত্য বধিবাক বিষ্ণুৰ শকতি।
হৌক বৰ দিয়া দেবী কৰিছো মিনতি॥
এহিৰূপে সৃষ্টিকৰ্ত্তা দেবী তামসীক।
দৈত্য ভয়ে হুয়াভীত স্তুতি কৰিলেক॥
পৰম পবিত্ৰ এহি চণ্ডিকাৰ পদ।
শ্ৰবণ কীৰ্ত্তনে খণ্ডে সমস্ত আপদ॥
ভৈলাহা সমাপ্ত ব্ৰহ্মকৃত দেবী স্তুতি।
কৰোক আমাৰ বাঞ্চা পূৰ্ণ ভগবতী॥
( ৩ )