সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
চণ্ডিকাখ্যান

ক্ষুধা তৃষ্ণা ছায়াঁ ক্ষান্তি,  শক্তি জাতি লজ্জা শান্তি,
  ৰূপে যেই আছয় প্ৰাণীত।
সি দেবীক প্ৰণিপাত,   কৰো আমি অসংখ্যাত,
  হৌক সিদ্ধি আমাৰ অভীষ্ট॥
যেই দেবী সৰ্ব্বভূতে,   শ্ৰদ্ধাকান্তি লক্ষ্মী ৰূপে,
  আৰু বৃত্তি ৰূপে অবস্থিতি।
সি দেবীক নমস্কাৰ,   কৰো আমি বাৰম্বাৰ,
  বাঞ্চা সিদ্ধি হউক সম্প্ৰতি॥
স্মৃতি দয়া তুষ্টি ৰূপে,  আছে যেই সৰ্ব্বভূতে,
  আৰু মাতৃৰূপে অবস্থিতি।
সি দেবীক প্ৰণিপাত,  কৰো আমি শত শত,
  পুনৰপি অসংখ্য প্ৰণতি॥
সমস্ত প্ৰাণীৰ দেহে,   যেই দেবী ভ্ৰান্তি ৰূপে,
  কৰিছে বিৰাজ নিৰন্তৰ।
ভ্ৰান্তিৰূপা জননীক,   কৰো পুনঃ প্ৰণিপাত,
  বাঞ্চা সিদ্ধি কৰোক আমাৰ॥
দশোন্দ্ৰিয় পঞ্চভূত,  যি দেবীৰ বশীভূত,
  যেই দেবী চিত্তৰ ঈশ্বৰী।
কৰো আমি নমস্কাৰ,  দণ্ডৱতে পুনৰ্ব্বাৰ,
  কাৰ্য্যসিদ্ধি কৰা মহেশ্বৰি॥