পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
চণ্ডিকাখ্যান

অতি বীৰ্য্য বলৱতী দেৱৰ শকতি।
নিজ ৰূপে চণ্ডী আগে ভৈলাউপস্থিতি॥
যি দেবৰ যেইৰূপ ভূষণ বাহন।
সেই সেই ৰূপে ঝুদ্ধে আইলা শক্তিগণ॥
প্ৰথমে ব্ৰহ্মাৰ শক্তিহংসৰ যানত॥
আৰোহণ কৰি দেবী পশিলা ৰণত৷
অক্ষমালা কমণ্ডলু হাতত ধাৰিশী॥
জগতৰ জন্মদাত্ৰী এহিসে ব্ৰহ্মাণী৷
সৰ্পৰ কঙ্কন অৰ্ধচন্দ্ৰ অলঙ্কাৰ॥
বৃষত আৰোহি হাতে ধৰিলা ত্ৰিশূল॥
এহিৰূপে মাহেশ্বৰী পশিলা ৰণত।
ধক ধক জ্বলে অগ্নি দেবী কপালত॥
কাৰ্তিকৰ ৰূপে দেবী ময়ূৰ বাহনে।
হাতে শক্তি ধৰি আইলা কাৰ্তিকী সংগ্ৰামে॥
আসিল বৈষ্ণবী দেবী বিষ্ণুৰূপ ধৰি।
আৰোহি গৰুড স্কন্ধে পৰমা সুন্দৰী॥
শঙ্খ চক্ৰ গদা খড়গ আৰু ধনু ধৰি।
হাতত চণ্ডিকা দেখি নিল আদৰি॥
যজ্ঞ বৰাহৰ মূৰ্ত্তি ধৰি বিষ্ণু শক্তি।
আবিভূতা হৈলা দেবী বৰাহ মূৰতি॥