পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
চণ্ডিকাখ্যান

দেবি মহেশ্বৰি,  যদি দয়া কৰি,
  দিবাহা আমাক বৰ।
সুমৰিলে যেন,  বিপদ কালত,
  কৰিবা ৰক্ষা আমাৰ৷৷
যদি কোনো নৰে,  আমাৰ স্তুতিৰে,
  তোমাক কৰে স্তবন।
তাৰ ধন জন,  ভাৰ্য্যাপুত্ৰ গণ,
  সম্পদ হৌক বৰ্দ্ধন৷৷
এহি মাত্ৰ বৰ,  সমীপে তোমাৰ,
  প্ৰাৰ্থনা দেবি আমাৰ।
কৰা অনুগ্ৰহ,  জগতৰ মাৱ,
  প্ৰণাম পাৱে তোমাৰ৷৷
দেৱতা সকলে,  জগত হিতাৰ্থ,
  দেবীক কৰিলা তুষ্ট।
কৰি আতি দয়া,  তথাস্তু” বুলিয়া, (৫)
  ভৈলা দেবী অন্তৰ্হিত৷৷
তেজে দেৱতাৰ,  উৎপত্তি দেবীৰ,
  ত্ৰৈলোক্যৰ ভাবিহিত।
_____________________________________
(৫) তথাস্তু, সেয়ে হউক।