পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
চণ্ডিকাখ্যান।

কলা কাষ্ঠা আদি কালৰূপে অবস্থিত।
হুয়া তুমি জগতকে কৰিছা চালিত॥
ব্ৰহ্মাণ্ডৰো হােৱে লয় শক্তিতে তােমাৰ ।
নাৰায়ণ কৰােহোঁ তােমাক নমস্কাৰ॥
সবাৰ মঙ্গল তুমি সর্ব্বার্থ সাধিনী।
জগতকে কৰা ৰক্ষা তুমি ত্রিনয়ণী ॥
গৌৰবৰ্ণ দেহ তযু কুমাৰ কান্তি।
নাৰায়ণি তব পদে আমাৰ প্রণতি॥
স্ৰজন পালন সংহৰণ তব শক্তি।
সত্ব ৰজ আৰু তম তােমাত যে স্থিতি॥
তুমি সনাতনী দেবী জগত আধাৰ ৷
তােমাক কৰােহোঁ নাৰায়ণি নমস্কাৰ ॥
আত্ৰিতক দৰিদ্ৰক কৰা পৰিত্ৰাণ ৷
পীড়িতক সর্ব্বকালে কৰাহা ৰক্ষণ॥
সবাৰো যে মনে দুঃখ কৰা উপশম৷
নাৰায়ণি কৰো আমি তােমাক প্রণাম॥
হংসযুত বিমানত কৰি আৰােহণ।
ব্ৰহ্মাণীৰ ধৰি ৰূপ কৰিছা পালন॥
কুশ জল সিঞ্চি জগতকে দিছা শান্তি।
নাৰায়ণি শ্ৰীচৰণে কৰােহোঁ প্রণতি॥