সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
চণ্ডিকাখ্যান।

ক্ষণিকতে দেবী,   নিজ পৰাক্ৰমে,
 ৰুধিলা শকতি তাৰ।
দুৰন্ত অসুৰে,   তথাপি সমৰে,
 কৰন্ত ইচ্ছা অপাৰ॥
পাছে ভগৱতী,   দেবৰ শকতি,
 অমৰক কৰি দয়া।
তুলি মহাখড়গ,   দৈত্যৰ মস্তক,
 ছেদিলাহা মহামায়া॥
কৰে হাঁহাঁকাৰ,   সেনা মহিষৰ,
  পেখিয়া তাৰ মৰণ।
কৰে পলায়ণ,   হানি শৰগণ,
  কৰিলা দেবী ঘাতন॥
নিহত মহিষ,   ভৈল দৈত্যধ্বংশ,
 আনন্দিত দেব সব।
মহৰ্ষি সহিত,   ইন্দ্ৰাদি ত্ৰিদশ,
 দুৰ্গাক কৰিলা স্তব॥
গন্ধৰ্ব্বে গাইলা,   অপ্সৰা নাচিলা,
  বজালা বিবিধ বাদ্য।
কুসুম চন্দনে,   সবে দেবগণে,
 পূজিলা দুৰ্গাৰ পদ॥