পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চণ্ডিকাখ্যান

এহিভাবে ব্ৰহ্মাদেবে আৰম্ভিলা স্তুতি।
একমনে হৃদয়ত চিন্তি দেবী মূর্ত্তি॥
তুমি দেবী সৃষ্টিস্থিতি সংহাৰ কাৰিনী ।
তুমি বিশ্বেশ্বৰী নিদ্ৰা জগত তোষিণী॥
[১]তুমি স্বাহা ৰূপে দেবী তুষিছা দেবক।
স্বধাৰূপে দিছা তৃপ্তি সমস্ত পিতৃক॥
উদাত্তাদি স্বৰৰূপা যজ্ঞৰূপা তুমি।
জন্ম জৰা মৃত্যু হীনা অমৃত ৰূপিণী॥
হ্রস্ব দীর্ঘ স্বৰ তুমি আৰু প্লুত স্বৰ ।
হলবর্ণ ৰূপাতুমি অজ্ঞাত সবাৰ॥
বিপ্রৰ গায়ত্ৰী তুমি জগত জননী।
এতেকে সাবিত্ৰী দেবী পবিত্র কাৰিণী॥
জগত ধৰিছা দেবী জগদ্ধাত্রী ৰূপে ।
স্ৰজিছা জগত এই ব্ৰহ্মাণী স্বৰূপে॥
পালিছা বৈষ্ণবী ৰূপে যত চৰাচৰ ।
সংহৰিবা অন্তকালে তােমাতে সকল॥
স্ৰজনত সৃষ্টিৰূপা তুমি জগতৰ।
পালনত স্থিতিৰূপা অখিল বিশ্বৰ॥

  1. (১২) ত্বংস্বাহা ত্বংস্বধী ত্বংহিবষট্ কাৰস্বৰাত্মিকা।
    সুধা ত্বমক্ষৰে নিত্যে ত্রিবা মাত্রাত্মিকা স্থিতা।