পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

বিনাশিলা শত্রুগণে বাহিনী ৰাজাৰ॥ (২)
ভাগ্যপ্রতি কুল হেতু ৰাজা পৰাজিত।
হুয়া নিৰানন্দ মনে পশিলা পুৰীত॥
সেহি দিন হন্তে ৰাজা কোলা নগৰীত। (৩)
আছিল ৰাজত্ব কৰি বিবাদ মনত॥
তাতে শত্ৰুগণে আসি মন্ত্ৰীৰ লগত।
মিত্ৰকৰি সমস্তকে কৈলা বশীভূত॥
পাত্র মন্ত্রি সৈন্য যত আছিল ৰাজাৰ।
সিবেলাত ভৈলা সবে বিৰূপ নৃপৰ॥
একদিনা সবে মিলি ৰাজাৰ নগৰ।
আক্ৰমিলা পৰাজিত ভৈলা নৃপবৰ॥
প্রবল নৃপতিগণে মন্ত্ৰীৰ সহিত।
ভাণ্ডাৰক ভাঙ্গিলৈলা ধন ৰত্ন যত॥
বলহীন ভৈলা যেবে সুৰথ নৃপতি।
গজ বাজী সহ সেনা গৈলা শত্ৰু ভিতি॥ (৪)
তথাপি নগৰে ৰাজা অন্তৰে দুঃখিত।
অল্পসৈন্য বন্ধু সহ নিবাস কৰন্ত॥


 (২) বাহিনী, সেনা। (৩) বর্ত্তমান কোলাপুৰ পূৰ্ব্বকালত সুৰথৰ ৰাজধানী।
(৪) শত্ৰুভিতি শত্ৰুৰফালে ।