পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
চণ্ডিকাখ্যান।

নাভাবিপূৰ্ব্বত,   প্ৰতিজ্ঞা পাশত,
 হৈলো বন্ধ নিজ দোষে।
নাহিকে উপায়,   বিনা যুদ্ধে তাৰ,
  ভাগ্যত যি আছে শেসে॥
দৈতেন্দ্ৰ সমীপে,   কৰাহা প্ৰস্থান,
  নিবেদা মোৰ বচন।
দৈত্য কুল পতি,   উচিত যিহয়,
  কৰোক তাৰ বিধান॥
দেবীৰ চৰিত্ৰ,   পৰম পবিত্ৰ,
  সুধা হেন লাগে কাণে।
ত্যজি আন কাম,   বোলা দুৰ্গানাম,
  দ্বিজ কীৰ্ত্তি চন্দ্ৰে ভণে॥

⸻⸻

কৃপা কৰা কাত্যায়ণী ব্ৰহ্মাণ্ড মোহিনী।
মোহ পাশে বদ্ধজীব উদ্ধাৰা আপুনি।

⸻⸻

পদ।

মেসধ বদতি শুনা সুৰথ ৰাজন।
শুম্ভ নিশুম্ভৰ কথা কৰোহোঁ বৰ্ণন॥