সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
চণ্ডিকাখ্যান।

মনেহৰ গিৰিশৃঙ্গে দেবী মহেশ্বৰী।
দেখিলন্ত বসি আছে পৰমা সুন্দৰী॥
দেৰীৰ সমীপ চাপি দূত দৈত্যেন্দ্ৰৰ।
বুলিলা দেবীক বাণী ললিত মধুৰ॥
দেবি দৈত্যেশ্বৰ শুম্ভ জগত ঈশ্বৰ।
পঠাইলাহা মোক সেহি সমীপে তোমাৰ॥
অখণ্ডিত অজ্ঞাযাৰ অখিল স্বৰ্গত।
জিলিল যতেক দেৱ যেই সমৰত॥
মহা পৰাক্ৰমী শুম্ভ ত্ৰিভুবন পতি।
যি কাৰণে পঠাইলা শুনিয়ো সম্প্ৰতি॥
এহি মোৰ ত্ৰিভুবণ আৰু দেৱগণ।
বশপূৰ্ত্তি যজ্ঞভাগ কৰোহোঁ গ্ৰহণ॥
আছয় যতেক শ্ৰেষ্ঠ ৰত্ন ত্ৰৈলোক্যত।
ঐৰাৱত অদি কৰি মোৰ বশীভূত॥
উচ্চৈঃশ্ৰবা নামে ঘোড়া ইন্দ্ৰৰ বাহন।
দেবগণে আনি মোক কৰিলা অৰ্পণ॥
দেবলোকে নাপলোকে গন্ধৰ্ব্ব পুৰীত।
আছয় যতেক মহা মূল্য দিব্য ৰত্ন॥
সমস্ত ৰতনে মোৰ শোভিছে ভবন।
নাহিকে ৰতন ক্ৰটি আমাৰ সদন॥