এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।৪৩
লাঙ্গল চাটিত, সমুৰ্দ্ৰৰ জলে,
ডুবালা ৰণৰ স্থল॥
জোকাৰে শিঙ্গৰ, মহিষা সুৰৰ,
[১] জলদ খণ্ডিত ভৈল।
নিশ্বাস বাযুত, অনেক পৰ্ব্বত,
সবদে খসি পৰিল |
এহিৰূপে কোপ, কৰি দৈত্যৰাজ,
দু ক খেদিযা যান্ত।
দুৰ্গা ভগবতী, কৰি তাঙ্ক দৃষ্টি,
বধতাৰ চিন্তিলন্ত॥
ধায মহাবেগে, মহিষ অসুৰে,
কোপে অম্বিকাক প্ৰতি।
পাছে পাশ হানি, দৈত্যক ভবাণী,
কৰিলা বন্ধন আতি॥
হুয়া পাশ বন্ধ, অসুৰ প্ৰচণ্ড,
তেজিল মহিষ ৰূপ।
ক্ষণিক কালতে, মায়াবী অসুৰে,
ধৰিলা কেশৰী ৰূপ॥
- ↑ মেঘখণ্ড খণ্ড হল।
(৫)