এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
চণ্ডিকাধান।
বাণ বৰিষণ দৈত্য মুষলম ধাৰে।
মেঘে যেন কৰে বৃষ্টি দেবীৰ ওপৰে॥
শীঘ্ৰে দেবী ধনু ধৰি শুম্ভ নিশুম্ভৰ।
শৰজাল কৈলা ব্যৰ্থ হনি নানা শৰ॥
দেবী বাণগণে দৈত্য বাণ নাশি যত।
দৈত্যৰ অঙ্গত পড়ি কৰিলাহা ক্ষত॥
(১) নিশুম্ভে শানিত খড়গ আৰু ধৰি ঢাল।
মৃগেন্দ্ৰৰ শিৰে বেগে কৰিল প্ৰহাৰ।
সিংহক প্ৰস্তুত দেখি খুৰপাস্ত্ৰ ধৰি।
নিশুম্ভৰ খড়গ চৰ্ম্ম ছেদিলা ঈশ্বৰ॥
পাছে দৈত্য এক খড়গ কৰিলা ক্ষেপণ।
তাকে দেবী খড়গহানি কৰিলা খগুণ॥
মহাবলে মহাসুৰ ধৰি এক শূল।
দেবীক উদ্দেশি পাছে কৰিলা প্ৰহাৰ॥
আনে শূল বায়ুবেগে দেখি মহামায়া।
মুষ্টিৰ আঘাতে চুৰ্ণ কৰিলা অভয়া।
ঘূৰাইয়া গদা এক নিশুম্ভ অসুৰ।
চণ্ডিকাক প্ৰতি বেগে কৰিলা প্ৰহাৰ॥
(১) শাণিত, তীক্ষ।