পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
চণ্ডিকাখ্যান

কোমল হৃদয় দুৰ্গা কৃপাৰ সাগৰী,
অমৰক দিলা দেখা বচনে মধুৰী॥

⸻:০:⸻

পদ।

মেধস বদতি নৃপ এহিৰূপে স্তুতি।
কৰিলন্ত দেবগণে হৈয়া একমতি॥
নাৰী বেশে সিসময়ে দুৰ্গা ভগৱতী।
গঙ্গা স্নান ছলে আসি ভৈলা উপস্থিতি॥
জিজ্ঞাসিলা দুৰ্গা দেবী দেৱতা সবক।
বসি তোমা সবে স্তুতি কৰিছাহাঁ কাক॥
তেতিক্ষণে দুৰ্গা দেহ হন্তে বাজ হুয়া।
বুলিলন্ত একশক্তি ঈষত হাসিয়া॥
শুম্ভ নিশুম্ভৰ ৰণে হুয়া পৰাজিত।
কন্ত আমাৰ স্তব দেৱতা সমস্ত॥
যেই দেবী দেহ কোষ হস্তে পাৰ্ব্বতীৰ।
উপজিলা হৈলা নাম কৌশিকী তাহাৰ॥
কৌশিকী উদ্ভব মাত্ৰ দুৰ্গা ভগৱতী।
কৃষ্ণ বৰ্ণা হৈলা হিমালয়ে কৈলাস্থিতি॥
কোষে উতপতি হেতু কৌশিকী বিখ্যাত।
কৃষ্ণ বৰ্ণা হেতু কালী জগতে বিদিত॥