এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
চণ্ডিকাখ্যান।
খড়ঙ্গ হানি তাৰ, ছেদিলাহা কৰ, [১]
পড়িল শবদে হাতী।
হস্তী ৰূপ তেজি, পাছে দৈত্যপতি,
পুনশ্চ মহিষ ভৈল।
জগত ক্ষুভিত, কৰি পূৰ্ব্বৱত,
দুৰ্গাক প্ৰতি ধাইল।
জগত জননী, চণ্ডিকা গোসানী,
পাছে আতি কোপ কৰি।
উত্তম মদিৰা, পুনঃ পুনঃ পীলা,
হাসিলা পৰমেশ্বৰী।
বলত উদ্ধত, মহিষ দুৰন্ত
কৰন্ত ঘোৰ গৰ্জ্জন।
দুগোটা শিঙ্গেৰে, চণ্ডিকাক প্ৰতি,
পৰ্ব্বত কৰে ক্ষেপণ
দেবী ভগৱতী, কৰি শৰ বৃষ্টি,
ক্ষেপিত পৰ্ব্বত তাৰ।
ক্ষণিকে চূৰ্ণিত, কৰি বুলিলন্ত,
বচন আতি নিষ্ঠুৰ।
- ↑ কৰ, হাতীৰ শুঁড়।