সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
চণ্ডিকাখ্যান

সমুদ্ৰৰ মধ্যে   নৌকাৰোহণত
কৰে যদি বায়ু তাত অঘূৰ্ণিত॥
দাৰুণ সংগ্ৰামে হৈলে অস্ত্ৰপাত
ব্ৰণাদি পীড়াত ইসব বাধাত।
কৰে যদি মোৰ চৰিত স্মৰণ
বাধাহন্তে ত্ৰাণ পাৱে নৰগণ॥
চৰিত স্মৰণে মোৰ প্ৰভাৱত
সিংহ বাঘ হাতী দুস্যু বৈৰি যত।
ভকতক মোৰ নকৰি ধৰ্ষণ (৩)
দূৰ হন্তে সবে কৰে পলায়ণ॥
মেধস বদতি চণ্ডিকা গোসানী
অমৰ গণক এহিৰূপে বাণী।
বুলি আশ্বাসিয়া সুৰথ ৰাজন
আগত সবাৰ ভৈলা অন্তৰ্ধান॥
শত্ৰু বিনাশন ভৈল ত্ৰিদিশৰ
গুচিল সবাৰ ভয় দানৱৰ।
পালিষজ্ঞভাগ যথ পূৰ্ব্ববত
নিজ নিজ ভাঙ্গে বসিলা স্বৰ্গত॥

(৩) ধৰ্ষণ, হিংসা।