সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
চণ্ডিকাখ্যান।

তাৰ ঘোৰ অট্টহাসে আকাশ পূৰিল।
প্ৰতিধ্বনি উঠি তাৰ ভুবন ব্যাপিল॥
জগত ক্ষুভিত ভৈল কাম্পিল সাগৰ।
বসুমতী তলমল পৰ্ব্বত অস্থিৰ॥
দেশীৰ আন্টাস শব্দে দৰিল জগত।
প্ৰলয মিলিল বুলি ভাবিলা সমস্ত॥
জয শব্দে দেবগণে তুষিলা দেবীক।
ভক্তিভাবে মুনিগণে স্তুতি কৰিলেক॥
ত্ৰিভুবন ক্ষুব্ধ দেখি অসুৰ সকল।
নিজ নিজ অস্ত্ৰ লৈয়া ৰণে সাজু ভৈল॥
ক্ৰোধত মহিষাসুৰ বুলিলা বচন।
কিহৰ শবদ ইটো কাম্পে ত্ৰিভুবন॥
সবে সেনা হোৱা সাজু কৰা অন্বেষণ।
মোৰ আগে কৰে নাদ আতি অসহন॥
এহি বুলি মহাসুৰে অসুৰ সহিত।
শব্দ অনুসৰি কোপে হইলা ধাবিত॥
অনন্ত মহাসুৰে দেখিলা দেবীক।
দেহৰ কান্তিৰে ব্যাপি আছে জগতক॥
পদভৰে বসুমতী কম্পে ঘনে ঘন।
কিৰীটে ঠেলিছে গৈয়া আকাশ পৱন॥

(৪)