পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
চণ্ডিকাখ্যান।

মেধস বদতি শুনা নৃপ মহামতি।
নিত্যা সেহি ভগবতী জগত মূৰতি॥
স্ৰজন পালন আৰু কৰি সংহৰণ।
ব্যাপি আছে জগদ্ধাত্ৰী অখিল ভুবন॥
স্থাবৰ জঙ্গম বিশ্ব স্ৰজন যাহাৰ।
সংসাৰীৰ দৰে জন্ম নাহিকে তাহাৰ॥
তথাপি যে অবতাৰ বহুধাদেবীৰ। [১]
আছয় শাস্ত্ৰত কহে শুনা নৃপবৰ।॥
গুণাতীতা ভগবতী দেবৰ কাৰ্য্যত।
নানাৰূপে আবিৰ্ভাব হোৱে জগতত॥
তেতিয়া উৎপন্না বুলি জগতে জানয়।
অন্যৰূপে তাৰ জন্ম কদাপি নহয়॥
মহা প্ৰলয়ৰ জলে প্লাবিত জগত।
অনন্ত শয্যাত হৰি ভৈলন্ত নিদ্ৰিত॥
যোগনিদ্ৰাৰূপে দেবী হৰিৰ নয়ন।
মুদ্ৰিত কৰিলা প্ৰভু ভৈলা অচেতন॥
অখিল ব্ৰহ্মাণ্ড জলময় মহাৰাজ।
বিষ্ণুৰ কৰ্ণৰ পৰা মলহৈলা বাজ॥

  1. (১১)বহুধা, অনেক প্ৰকাৰ।