পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
চণ্ডিকাখ্যান।

খড়্গ শূল গদা আদি অস্ত্ৰ সমবলে;
কৰিয়ো আমাক ৰক্ষা দেবি সৰ্ব্বকালে।৷
দেবীৰ অচিন্ত্য ৰূপ অপাৰ মহিমা;
ব্ৰহ্মা বিষ্ণু মহেশ্বৰে নপাৱয় সীমা।
কৃপাময়ী ভগৱতী বাঞ্চা ফলদাত্ৰী;
সৰ্ব্ব দুঃখ নিবাৰিণী অগতিৰ গতি।৷
সংসাৰৰ মোহ পাশ ছেদিবাক মনে;
হইলো শৰণা গত দেবীৰ চৰণে।৷

⸺⸺⸺

ইঘোৰ সংসাৰ, দেখি লাগে দৰ,
 মোক দেবি কৰা ত্ৰাণ।৷

⸺:*:⸺

দুলড়ি।

মেধস বদতি, এহি ৰূপে স্তুতি,
 কৰি অমৰ গণে।
নন্দন বনৰ, আনি পুষ্পচয়,
 অৰ্পিলা দেবী চৰণে॥
মলয চন্দন, অঙ্গত লেপন,
 কৰি দিব্য ধুপ দান।

(৬)