পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চণ্ডিকাখ্যান।

তুমি চণ্ডী তুমি দুর্গা তুমি কাত্যায়ণী।
ভুক্তি মুক্তি প্রদ তযু চৰণ দুখানি॥
তােমাৰ চৰণ পদ্ম দৰিদ্ৰৰ ধন।
অধমক কৰি কৃপা কৰা প্রদর্শন॥
সপ্তশতী পদ মই কৰিবাক মনে।
ভৈলােহোঁ শৰণাগত তব শ্ৰীচৰণে॥
দূর্বোধ চণ্ডীৰ পদ মই অল্পমতি।
তযু কৃপা বিনে মােৰ নাহিকে শকতি॥
বুদ্ধি ৰূপা তুমি দেবি দিয়া বুদ্ধি মােক।
ৰচিবো চণ্ডীৰ পদ সবাই শুনুক॥
শুক্লাম্বুজ নিবাসিনি মাৰ সৰস্বতি।
কৰি কৃপা মােৰ কণ্ঠ হােৱা তুমি স্থিতি॥
আসিযো কল্পনা দেবি কবি সহচৰি।
বসিযো হৃদয়াম্ভোজে মােৰে কৃপাকাৰি॥
হে হেৰম্বগণাধীশ বিঘ্নবিনাশন।
কৃপাকৰি কৰামোক বিঘ্ন নিবাৰণ॥
সন্ত সকলক মই কৰিছো মিনতি।
নধৰিব দোষ মােৰ মই অল্পমতি॥
পৰম পবিত্ৰ এহি চণ্ডীৰ আখ্যান।
ভুক্তি মুক্তি হােৱে লাভ কৰিলে কীৰ্ত্তন॥