পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
চণ্ডিকাখ্যান৷

উপস্থিত প্ৰায় দৈত্য সেনা ভয়ঙ্কৰ।
দেখি চণ্ডী ধনুৰ্গুণে দিলাহা টঙ্কাৰ॥
সেহি শব্দে দশদিশ পৃথিবী মণ্ডল।
পৰিপূৰ্ণ হৈয়া পাছে খলক লাগিল॥
অনন্তৰে পঞ্চানন দেৰীৰ বাহন।
কৰিলাহা মহাৰাজ গম্ভিৰ গৰ্জন॥
ঘণ্টাৰ শবদে পাছে চণ্ডিকা গোসাণী।
বিস্তাৰিলা ভূমণ্ডলে ধনু সিংহধ্বনি॥
বহল বদন যাৰ শব্দ আতি ঘোৰ।
কৰিলাহা সেহি কালী ধ্বনি ভয়ঙ্কৰ॥
ধনু শব্দ ঘণ্টা নাদ কেশৰি গৰ্জন।
জিনিলন্ত নিজ শব্দে কালিকা তখন॥
সেহি শব্দ শুনি পাছে দৈত্য সৈন্যচয়।
নানা প্ৰহৰণ লৈল কোপে কম্পকায়॥
চণ্ডিকা কেশৰী আৰু কালীৰ চৌপাশে।
বেঢ়িলন্ত মহা বেগে শুম্ভৰ আদেশে॥
এহি সময়ত দেব দ্বেষী ৰাক্ষস।
বিনাশাৰ্থে আৰু শুভ হেতু অমৰৰ॥
ব্ৰহ্মা বিষ্ণু শূলপাণি কাৰ্ত্তিক ইন্দ্ৰৰ।
ৰেহ হন্তে শক্তিগণ ভৈলাহা বাহিৰ॥